ডিভৰ্চ হোৱা নাৰীৰ আঁৰৰ কাহিনী: Assamese Story

গল্পAssamese Story

Assamese Story


ডিভৰ্চ হোৱা নাৰীৰ আঁৰৰ কাহিনী

বিয়া হোৱা প্ৰায় দুমাহৰ পিছতে মোৰ ডিভৰ্চ হৈছিল৷সেইবাবে এতিয়া মোক কোনোবাই বাটত দেখিলে চৰিত্ৰহীনা নাৰী বুলি হাঁহে৷আনকি কোনোবাইটো মোক বনৰী বুলিও কয়৷অথচ মোৰ বেয়া নালাগে,খং নুঠে সেই মানুহবোৰলৈ৷কিয় জানে!যিবোৰ মানুহ মানুহৰ সমাজ বাস কৰি মানুহৰ মনটো বুজিবলৈ চেষ্টা নকৰি অকল বদনাম গোৱাৰ সুযোগ বিচাৰি ফুৰে৷সেইবোৰ মানুহ মানুহৰ শাৰীত নপৰে আৰু সেইবোৰ মানুহৰ লগত জানো তৰ্ক কৰি কিবা লাভ হ’ব৷সেইবাবে যিয়ে যি ন’কক কেলে মই গুৰুত্ব নিদি তলমূৰ কৰি সেইফালেদি গুচি যাওঁ যাৰ বাবে মই মোৰ মনটোক সুস্থ কৰি ৰাখিব পাৰোঁ৷আৰে মোৰো মনটো বেয়া লাগে কেতিয়াবা আৰু যেতিয়া বেয়া লাগে বন্ধ কোঠালিৰ ভিতৰত মুখত সোপা দি বুকু ঢকিয়াই হুকহুকাই কান্দো৷চিঞৰি কান্দিবলৈ ভয় লাগে ৰোগীয়া দেউতা আৰু মায়ে কষ্ট পাব বুলি৷তেওঁলোকে কষ্ট পোৱাটো মই নিবিচাৰো বাবে মই মোৰ স্বামীৰ লগত সম্পৰ্ক শেষ কৰিছোঁ৷কাৰণ মোৰ বাবে মা-দেউতা বাহিৰে পৃথিৱীৰ কোনো বস্তু ডাঙৰ হ’ব নোৱাৰে৷
মই মা-দেউতাৰ একমাত্ৰ ছোৱালী৷দেউতা এজন খেতিয়ক৷সৰুৰ পৰা মোৰ বাবে বহুত কষ্ট কৰিছিল৷মোক ডাঙৰ মানুহ কৰাৰ সপোন দেখি৷তেওঁ ভাবিছিল আমাৰ দৰে যাতে আমাৰ ছোৱালীজনী কষ্ট নহক৷সেইবাবেই তপ্ত ৰ’দত পৰি কপালৰ ঘাম মাটিত পেলাই লোকৰ ঘৰত দিন হাজিৰা কৰি মোক ডাঙৰ মানুহ কৰা সপোন দেখিছিল৷আৰু এদিন মা-দেউতাৰ এই সপোনক বাস্তৱতা ৰূপ দি মই এগৰাকী কলেজৰ অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰিলোঁ৷মোৰ চাকৰি হোৱা পিছদিনা মোক দেউতাই বিছনাৰ ঢাৰিপাটী তলৰ পৰা এখন ডাক্তৰ ৰিপৰ্ট উলিয়াই মোৰ হাতত দিছিল৷ৰিপৰ্টো পঢ়ি মই আচৰিত হৈ চিঞৰি উঠিছিলোঁ৷কি জানে৷ৰিপৰ্টোত লিখা আছিল দেউতা এজন কেন্সাৰ ৰোগী৷তাৰপাছতে দেউতা মাটিত ঢলি পৰিল৷মই মাৰ সৈতে দেউতাক চহৰৰ চিকিৎসালয়ত ভৰ্তি কৰালোঁ৷ডাক্তৰে এদিনৰ সময় দি’লে৷যদি দেউতাৰ এদিনৰ ভিতৰত অপাৰেচন নহয়৷তেন্তে তেওঁলোকে দেউতাক বচাব নোৱাৰিব৷মই উপায়হীন৷চাকৰিটো পাইছোঁ হে ক’তনো দৰমহা টকা পাইছোঁ৷শেষত উপায়হীন হৈ ঘৰৰ মাটি দুবিঘা ওচৰৰ খুড়া এজনক বিক্ৰী কৰি মই মাৰ হাতত টকা টোপোলাটো তুলি ক’লোঁ“মই কথা দিছোঁ মা৷দেউতা সুস্থ হোৱা পাছতে মোৰ দৰমহাৰ টকাৰে আকৌ সেই মাটিখিনি ঘূৰাই ল’ম৷এতিয়া মোৰ হাতত আৰু ইয়াৰ বাহিৰে একো উপায় নাই৷”মোৰ কথাষাৰ শুনি জলজলীয়া চকুহাললৈ চায় হুকহুকাই কান্দি মোক সাৱটি ধৰিল৷
কিছুসময় পাছতে আমি ডাক্তৰৰ হাতত অপাৰেচনৰ বাবে টকা টোপোলাটো তুলি দিলোঁ৷অৱশেষত দেউতা অপাৰেচন সুকলমে হৈ গ’ল৷তাৰ প্ৰায় এসপ্তাহৰ পিছতে আমি দেউতাক চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাই আনিলোঁ৷এতিয়া দেউতা সুস্থ যদিও মাহে মাহে ডাক্তৰ ওচৰলৈ চিকিৎসা বাবে নিব লাগে৷লাহে লাহে মোৰো চাকৰিটো দৰমহা হ’ল৷সেই টকাৰে প্ৰথমে মই মাক দিয়া প্ৰতিশ্ৰুতিৰে আধা মাটি মই ঘূৰাই ল’লোঁ৷বাকী দৰমহাৰে আকৌ আধা মাটি ঘূৰাই লোৱা প্ৰতিশ্ৰুতি দিলোঁ৷এনেদৰে আমাৰ দিনবোৰ চলিবলৈ ধৰিলে৷
এদিন হঠাৎ আমাৰ ঘৰলৈ চহৰৰ এটা সম্ভান্ত পৰিয়ালৰ পৰা মোলৈ বিয়াৰ প্ৰস্তাৱ আহিল৷কথাষাৰ শুনি মা-দেউতাও সুখী হ’ল৷তেওঁলোকৰ এটা দায়িত্ব৷যিটো নিজৰ সন্তানৰ জীৱনটো গঢ় দিয়া৷সেয়েহে ঘৰৰ সকলোৱে সেই বিয়াৰ প্ৰস্তাৱ মানি লোৱাত মইও সন্মতি দিলোঁ৷
এমাহৰ পাছতে মোৰ বিয়া হ’ল৷বিয়া পাছতে মই মোৰ চাকৰিটো সুবিধাৰ্থে প্ৰবালৰ সৈতে চহৰত থাকিবলৈ ল’লোঁ৷বিয়া প্ৰায় দুসপ্তাহলৈকে সকলো ঠিকে আছিল৷তাৰপাছত আৰু কি হ’ল নাজানো৷যিটো ল’ৰায়ে মদৰ গোন্ধ পালে বমি অহা বুলি কয়৷সেইটো ল’ৰায়ে দিন-ৰাত কাটি কৰি মদ খাই নিশা দুপৰলৈকে বাহিৰত কটাবলৈ ধৰিলে৷লাহে লাহে তাৰ বন্ধুবৰ্গৰ পৰাও গম পালোঁ সি বোলে এটা মহা মদাহী৷অকল মদাহীয়ে নহয় এটা ড্ৰাগছ আসক্তিকাৰী৷এইবোৰ কথা মই গম পোৱা পাছত মা-দেউতাই গম পাই কষ্ট পাব বুলি সংগোপনে ৰাখিছিলো৷মই প্ৰবালক হাতযোৰ কৰি সেই বেয়া বস্তুবোৰৰ পৰা আঁতৰাই আহিবলৈ অনুৰোধ কৰিছিলোঁ৷অথচ সেইবোৰ ক’লে মোক চৰ গুৰ মাৰি কোঠাৰ ভিতৰত দুৱাৰ লক কৰি থয়৷ইমানবোৰ কৰা পাছতো মই তাৰ লগত একেলগে থকাৰ প্ৰতিশ্ৰুতি দিলোঁ৷কোনোবাই কোৱা শুনিছিলো যি পত্নীয়ে স্বামীক হেনো দেৱতা জ্ঞান কৰে সেই পত্নীয়ে সুখী জীৱন কটায় আৰু মই অসুখী পত্নী৷তাৰপাছতো সুখত থকাৰ অভিনয় কৰি আহিছোঁ৷
লাহে লাহে প্ৰবালৰ মোৰ চাকৰিটো দৰমহা টকা কেইটা ওপৰত চকু পৰিল৷মই মোৰ দৰমহা টকাৰে মা-দেউতাহঁতৰ চিকিৎসা পৰা ধৰি বজাৰ-সমাৰলৈকে আধা টকা তাতে খৰচ কৰোঁ৷এতিয়া পৰা হেনো সেই খৰচো মই বহন কৰিব নালাগে৷কাৰণ মই তেওঁৰ পত্নী বোলে আৰু পত্নীয়ে সদায় স্বামীৰ কথায়ে ভাবে বোলে৷মই অতিস্থ হৈ ক’লো “সেই ভুল মই কৰিব নোৱাৰোঁ৷”

“তেন্তে তই মা-দেউতাৰ লগতে থাকিবি৷”-প্ৰবালে ক”লে৷প্ৰবালৰ কথাষাৰ শুনি মই ক’লোঁ“মোৰ মাজে মাজে সন্দেহ হয়৷মোৰ স্বামী আছে নে নাই বুলি৷কাৰণ তুমিটো মোৰ লগত থকা নথকা একে৷”

“তই ঠিকে ভাবিছ!যি ভাবিছ৷আচলতে মই তোক বিয়া কৰা নাই৷বিয়া কৰিছোঁ তোৰ চাকৰিটো আৰু এই ধুনীয়া মৰম লগা চেহেৰাটো৷মাথোঁ শৰীৰৰ তৃপ্তিৰ বাবে৷”

“ছিঃ দূৰ হ মোৰ ওচৰ পৰা৷তই যে ইমান লেতেৰা মনৰ মানুহ হ’বি বুলি মই কেতিয়াও ভবা নাছিলোঁ৷”

“মোৰ মনটো লেতেৰা নহয় চৰিত্ৰটো লেতেৰা৷এই চৰিত্ৰটো মই তোক বিয়া নকৰা দিনৰে পৰাই লেতেৰা কৰি ৰাখিছোঁ৷”

“তই কি খুজিছ?”

“মই ক’ব খুজিছোঁ মোৰ জীৱনত তোৰ বাহিৰেও আৰু আন নাৰী আছে৷”

“কি…?”

“ কিয়…?আচৰিত হৈছা নেকি?”-প্ৰবালে মই আচৰিত হোৱাত হাঁহি হাঁহি ক’লে৷

“তই ইমান নিকৃষ্ট মানুহ৷”

“নিকৃষ্ট নহয় অভদ্ৰ মানুহ মই অভদ্ৰ৷মুখা পিন্ধা ভদ্ৰ মানুহ মই৷”

“তই সঁচাকৈয়ে মুখা পিন্ধা ভদ্ৰ মানুহ৷”

“গতিকে এতিয়া তোৰ সিদ্ধান্ত৷যদি মোৰ লগত থাক মোৰ মতে উঠা-বহা কৰিব লাগিব৷আৰু কি জান!তই মা-দেউতা নামত খৰচ কৰা দৰমহাৰ আধা টকাখিনি এতিয়াৰ পৰা মোৰ হ’ব৷”

“লোভীয়া!তই কি ভাবিছ৷তোৰ মতে মই কি উঠা-বহা কৰিম আৰু মা-দেউতা নামত খৰচ কৰা টকা তোৰ নামত খৰচ কৰিম৷ভুলটো নাভাবিবি৷সেইখিনি মোৰ টকা নহয় মোৰ মা-দেউতাৰ কষ্টৰ টকা আৰু সেই টকা তোৰ দৰে নৰাধম প্ৰাষণ্ড এটা নামত খৰচ কৰি মই পাপ গোটাই ল’ব নোৱাৰোঁ৷”

“অনুৰাধা…!”

“নিচিঞৰিবি?তঁহতে চিঞৰিলে চৌপাশ লেতেৰা হয়৷”

“কি ক’লি তই?তোক আজি…!”

“বচ…!”

“আহ…!এৰি দে বুলি কৈছোঁ নহয় এৰি দে৷”

“নেৰোঁ!একেবাৰে ভাঙি পেলাম৷যাতে তই আৰু কোনোদিন কোনো নাৰীৰ গাত এই হাতখন তুলিব নোৱাৰ৷”

“আহ…!”-মোৰ গাত হাত তুলিবলৈ অহাত হাতখন ধৰি মই ওচৰতে থকা ফুলদানী এটাৰে হাতখনত মাৰি দিলোঁ৷

“তই যিমান আঘাতপ্ৰাপ্ত হৈছ তাতকৈ আজি মোৰ অন্তৰখন বেছি আঘাতপ্ৰাপ্ত হৈছে৷গতিকে মোৰ শেষ সিদ্ধান্ত৷তোৰ নামত লোৱা এই শিৰত সেন্দূৰখিনি কোনো মূল্য নাই৷সেয়েহে আজিৰপৰা মোৰ তোৰ লগত সম্পৰ্ক শেষ৷”
তাৰপাছতে মই মোৰ শিৰত সেন্দূৰখিনি মোহাৰি তাৰ সন্মুখৰ পৰা মা-দেউতা কাষলৈ গুচি আহিলোঁ৷

Writer:

  • ৰাজু বনিয়া
  • লখিমপুৰ,আমতলা
  • স্নাতক তৃতীয় ষাণ্মাসিক

For more Assamese stories like this, visit AssamStory .

Leave a Reply

Your email address will not be published. Required fields are marked *

Follow by Email
Instagram
Telegram
WhatsApp